দশানন//পাতনি//সাগৰ সংগম দিহিঙীয়া
পাতনি যেতিয়াৰ পৰাই ৰামায়ণ, মহাভাৰত আদিৰ দৰে পৌৰাণিক গ্ৰন্থবোৰৰ বিষয়ে শুনিছিলো আৰু টিভিৰ পৰ্দাত সেই কাহিনীৰ চৰিত্ৰ সমূহৰ সাৱলীল অভিনয় দেখিছিলো, তেতিয়াৰে পৰা সেই কাহিনী আৰু তাৰ প্ৰতিটো চৰিত্ৰৰ বিষয়ে জনাৰ ধাউতি বাঢ়ি গৈছিল। তাতোতকৈও অধিক ধাউতি বাঢ়ি গৈছিল, যেতিয়া সেই চৰিত্ৰ সমূহৰ জন্মৰ আঁৰৰ কাহিনী পঢ়িছিলো। কিন্তু সেই সকলোবোৰৰ মাজত ৰামায়ণৰ এটা বিশেষ চৰিত্ৰই মোক যথেষ্ট আকৰ্ষণ কৰিছিল। সেই চৰিত্ৰটো হৈছে “ৰাৱণ”। আৰু সেই আকৰ্ষণৰ বলতেই আজি প্ৰায় এবছৰৰ পৰা ৰামায়ণৰ এই বিশেষ চৰিত্ৰটোৰ বিষয়ে জানিবৰ বাবে মই বহু লোকৰ লগত কথা কথা পাতিছো, বহু লোকৰ পৰা তেওঁৰ জন্মৰ আঁৰৰ আৰু জীৱন কাহিনী জানিবলৈ চেষ্টা কৰিছো। কিন্তু মই বৰ্তমানেও তেওঁৰ বিষয়ে যথেষ্ট জানিব পৰা নাই যদিও, মোৰ শ্ৰদ্ধাৰ পৱন মহন্ত আৰু পল্লৱ প্লাৱন দাদাৰ পৰা কিছু কথা জানিব পাৰিছো। যদিও বা মই আহৰণ কৰা জ্ঞান আৰু তথ্যখিনিয়েই ৰাৱণৰ দৰে এজন জ্ঞানী পুৰুষৰ বিষয়ে লিখা বা কোৱাটো সহজ নহয়। তথাপিতো আপোনালোকৰ মৰম আৰু আশীৰ্বাদত তেওঁৰ বিষয়ে লিখিবলৈ সাহস কৰিছো। আশা কৰিছোঁ আপোনালোকে মোৰ পূৰ্বৰ ধাৰাবাহিক উপন্যাস ‘দুবৰিৰ নিয়ৰ’ ‘ৰাধা-কৃষ্ণৰ দৰেই’ আৰু ‘অভি