'সাগৰিকা'ত গৌৰৱৰ চৰিত্ৰত অভিনয় গৌৰৱ বৰা

                                            🖋️সাগৰ সংগম দিহিঙীয়া
                                                      ৭৮৯৬১৪৭২৪২

Sagar Songom Dihingia, Gourab Borah, Article

           অসমৰ ধাৰাবাহিক জগতখনত প্ৰতিষ্ঠা লাভ কৰা এজন সক্ষম অভিনেতা গৌৰৱ বৰা। প্ৰতিভাশালী অভিনেতা গৌৰৱ বৰাৰ জন্ম হৈছিল ধেমাজি জিলাৰ বিষ্ণুপুৰৰ অন্তৰ্গত টেকজুৰী গাঁৱত। মাকৰ নাম চেনীমাই বৰা আৰু দেউতাক তৰণী কান্ত বৰা। গৌৰৱ বৰাই স্কুলীয়া শিক্ষা ধেমাজি জিলাৰ পৰাই গ্ৰহণ কৰিছিল।
         সৰুৰে পৰাই গৌৰৱ বৰাই ভাওনা, ৰাস, অপেচাদাৰী নাট আদিত ভাগ লৈছিল আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ চিগাল থিয়েটাৰ একাডেমিত অভিনয়ৰ প্ৰশিক্ষণ লয়। অভিনয় প্ৰশিক্ষণৰ পিছত ৰাজেশ ভূঞাৰ পৰিচালনাৰে ‘হামৰ ধনী’ নামৰ ভিচিডি ছবিখনৰ জৰিয়তে কেমেৰাৰ সমুখত অভিনয়ৰ পাতনি মেলে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী দূৰদৰ্শনত মুন্না আহমেদ, চুমন হৰিপ্ৰিয়া, ৰাজেন ৰাজখোৱা আদিৰ লগতে কেইবাজনো বিশিষ্ট শিল্পীৰ লগত কমিচন প্ৰগ্ৰেম কৰাৰ লগতে দীপক দে’ৰ কৰিঅ’গ্ৰাফীৰে এটা হিন্দী এলবামত অভিনয় কৰি দৰ্শকৰ মাজত চমক সৃষ্টি কৰে।
Sagar Songom Dihingia, Gourab Borah

           ফ’কাছ হাই-ফাই মাৰ্চিয়েল আৰ্ট শ্ব’ত এংকৰিং কৰাৰ লগতে জনপ্ৰিয় অসমীয়া ছেটেলাইট চেনেল 'ৰং'ৰ দ্বাৰা সম্প্ৰচাৰিত হৈ যোৱা মনজিৎ শৰ্মাৰ পৰিচালনাৰে ‘আসাম ফাইটচ্‌বেক’ নামৰ ৰহস্যময়ী ধাৰাবাহিকখনটো এংকৰিং কৰে।
           গৌৰৱ বৰাই অসমীয়া ভিচিডি এলবামত অভিনয় কৰাৰ লগতে ‘লেইলা’ আৰু ‘Shame Same' নামৰ চুটি ছবিখনতো অভিনয় কৰে।
           গৌৰৱ বৰাই অসমীয়া, হিন্দী ভাষাৰ লগতে উৰ্দু ভাষাৰ ধাৰাবাহিকতো অভিনয় কৰিছে। 'Shame Same' নামৰ চুটি ছবি খনত কেইবাজনো হিন্দী ভাষী অভিনেতাৰ লগত অভিনয় কৰে অসমৰ জনপ্ৰিয় অভিনেতা জনে।
Sagar Songom Dihingia, Gourab borah,

            অসমীয়া সংবাদ চেনেল 'ডি ৱাই ৩৬৫' ৰ ভগ্নী চেনেল 'জোনাক'ৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ‘এজাক সপোন যেন বৰষুণ’, ‘খিৰিকী’ৰ লগতে প্ৰণৱ বিবেকৰ পৰিচালনাৰে ‘অভিমান’ নামৰ ধাৰাবাহিক খনত অভিনয় কৰা দেখা যায়।
            অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল ৰংৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ‘অনুৰাগ তোমাৰ বাবে’, ‘উমাল বুকুৰ হেজাৰ কাহিনী’, ‘ৰং জীৱনৰ’, ‘জীৱনৰ ৰং’, ‘মহাৰথী কৰ্ণ’, ‘শাহু-বোৱাৰী’, ‘আবেলিৰ ৰামধেনু’, ‘ৰাজনন্দিনী’ আদি জনপ্ৰিয় ধাৰাবাহিক সমূহত অভিনয় কৰে জনপ্ৰিয় অভিনেতা গৌৰৱ বৰাই।
           পৰৱৰ্তী সময়ত গৌৰৱ বৰাই ৰূপকমল হাজৰিকা, দীপ চৌধুৰী আৰু মনোজিৎ শৰ্মাৰ পৰিচালাৰে ডি ডি কিচানত অভিনয় কৰাৰ লগতে ডি ডি অৰুণপ্ৰভাত সমোজ্বল কাশ্যপৰ পৰিচালনাত ‘মিচন কাজিৰঙা’ আৰু এম.মণিৰাম ৰ প্ৰযোজনাত আৰু প্ৰণৱ বিবেকৰ পৰিচালনাত ‘দা হিৰ’ নামৰ ধাৰাবাহিক দুখনত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰে।
Sagar Songom Dihingia, Gourab Borah

          অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল 'ৰং'ত ৰূপকমল হাজৰিকাৰ পৰিচালনাত সম্প্ৰচাৰ হৈ যোৱা ‘আবেলিৰ ৰামধেনু’ নামৰ ধাৰাবাহিক খনত কৰা অভিনয় আছিল অতি ব্যতিক্ৰম। তেখেতৰ অভিনয়, কণ্ঠ সকলোতে দৰ্শকে নতুনত্ব দেখিবলৈ সক্ষম হৈছিল। বৰ্তমান অসমৰ অন্যতম জনপ্ৰিয় ছেটেলাইট চেনেল 'ৰেঙণি'ত কংকন ৰাজখোৱাৰ পৰিচালনাত সম্প্ৰচাৰ হৈ থকা ‘সাগৰিকা’ ধাৰাবাহিকখনত আন এটি ব্যতিক্ৰম ৰূপত দেখিবলৈ পাইছে গৌৰৱ বৰাৰ অনুৰাগী তথা ধাৰাবাহিক প্ৰেমী ৰাইজে। এজন ব্যৱসায়ী তথা বন্ধুৰ ৰূপত দৰ্শক তথা অনুৰাগী সকলে দেখা পোৱা গৌৰৱ বৰাক পৰৱৰ্তী সময়ত অসমৰ জনপ্ৰিয় ছেটেলাইট চেনেল 'ৰং'ত ৰূপকমল হাজৰিকাৰ পৰিচালনাত ২৭ জানুৱাৰীৰ পৰা সম্প্ৰচাৰ হব লগা ‘আঁউসীৰ জোনাক’ নামৰ ধাৰাবাহিক খনত পুনৰ অন্য এটি ব্যতিক্ৰম ৰূপত দেখা পাব গৌৰৱ বৰাৰ অনুৰাগী তথা অসমীয়া ধাৰাবাহিক প্ৰেমী ৰাইজে।
Sagar Songom Dihingia, Gourab Borah

              গৌৰৱ বৰাৰ এই যাত্ৰা অব্যাহত থাকক। এনেদৰেই দৰ্শকক তেখেতৰ অভিনয়েৰে মোহাচ্ছন্ন কৰি ৰাখক । তেখেতৰ এই যাত্ৰাই এক সুকীয়া মাত্ৰা লাভ কৰক। তাৰ কামনাৰে অলেখ শুভেচ্ছা।

Comments

Popular Posts