জনপ্ৰিয়তাৰ শীৰ্ষত গৌৰৱ বৰা


         বৰ্তমান অসমৰ ধাৰাবাহিক জগত খনত তেনেই পৰিচিত নাম হৈ পৰিছে ধেমাজি জিলাৰ বিষ্ণুপুৰৰ অন্তৰ্গত টেকজুৰী গাঁৱৰ চেনিমাই বৰা আৰু তাৰিনী কান্ত বৰাৰ পুত্ৰ গৌৰৱ বৰা।
সৰুৰে পৰাই অভিনয় কৰি ভালপোৱা গৌৰৱ বৰাই গুৱাহাটীৰ ‘চিগাল থিয়েটাৰ একাডেমি’ত অভিনয়ৰ প্ৰশিক্ষণ লৈছিল। অভিনয় প্ৰশিক্ষণৰ পিছত ৰাজেশ ভূঞাৰ পৰিচালনাৰে ‘হামাৰ ধনী’ নামৰ ভিচিডি ছবিখনৰ জৰিয়তে কেমেৰাৰ সন্মুখত অভিনয়ৰ পাতনি মেলে।

‘হামাৰ ধনী’ নামৰ ভিচিডি ছবিখনেৰে কেমেৰা জগতত অভিনয়ৰ পাতনি মেলা গৌৰৱ বৰাই অসমীয়া ভাষাৰ লগতে হিন্দী আৰু উৰ্দু ভাষাৰ ধাৰাবাহিকতো অভিনয় কৰিছে। গৌৰৱ বৰাই গুৱাহাটী দূৰদৰ্শনত মুন্না আহমেদ, চুমন হৰিপ্ৰিয়া, ৰাজেন ৰাজখোৱা আদিৰ লগতে কেইবাজনো বিশিষ্ট শিল্পীৰ লগত কমিচন প্ৰ'গ্ৰেম কৰাৰ লগতে দীপক দে’ৰ কৰিঅ'গ্ৰাফীৰে এটা হিন্দী এলবামত অভিনয় কৰাৰ লগতে ‘লেইলা’ আৰু ‘Shame Same' নামৰ চুটি ছবিখনত অভিনয় কৰি দৰ্শকৰ মাজত চমক সৃষ্টি কৰে।
সৰুৰে পৰা অভিনয় কৰি ভাল পোৱা গৌৰৱ বৰাই বৰ্তমানলৈকে একাধিক ক্ৰমে অসমৰ বহুকেইটা ন-পুৰণি ছেটেলাইত চেনেলৰ বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে। শেহতীয়াকৈ অসমৰ জনপ্ৰিয় ছেটেলাইত চেনেল ‘ৰেঙণি’ত কংকন ৰাজখোৱাৰ পৰিচালনাত সম্প্ৰচাৰ হৈ যোৱা ‘সাগৰিকা’ শীৰ্ষক ধাৰাবাহিক খনত ‘গৌৰৱ’ নামৰ চৰিত্ৰটো ৰূপায়ণ কৰি দৰ্শকৰ মাজত বিপুল সমাদৰ লাভ কৰা গৌৰৱ বৰাই পুনৰ বৰ্তমান অসমৰ অন্যমত জনপ্ৰিয় ছেটেলাইত চেনেল ‘ৰং’ত ৰূপকমল হাজৰিকাৰ পৰিচালনাত ৮:৩০ আৰু ১০:৩০ বজাত সম্প্ৰচাৰ হৈ থকা ‘আঁউসীৰ জোনাক’ শীৰ্ষক ধাৰাবাহিক খনত ‘অচিন্ত’ নামৰ চৰিত্ৰটোত অভিনয় কৰি দৰ্শকৰ মাজত নিজৰ জনপ্ৰিয়তা অতুত ৰাখিবলৈ সক্ষম হৈছে। 

গৌৰৱ বৰাৰ এই যাত্ৰা অব্যাহত থাকক। এনেদৰেই দৰ্শকক তেখেতৰ অভিনয়েৰে মোহাচ্ছন্ন কৰি ৰাখক । তেখেতৰ এই যাত্ৰাই এক সুকীয়া মাত্ৰা লাভ কৰক। তাৰ কামনাৰে অলেখ শুভেচ্ছা।

Comments

Popular Posts