মনোশক্তি/বিফলতাক সফলতাৰ অস্ত্ৰ কৰা

 মনোশক্তি

The Mind Power

খণ্ড-২

(বিফলতাক সফলতাৰ অস্ত্ৰ কৰা)


    বিফলতাই আমাক সদায় কষ্ট দিয়ে। কিন্তু সেই বিফলতাক আমি যদি অস্ত্ৰ হিচাপে লওঁ, তেতিয়া আমি সফলতাৰ মুখামুখি হ’ব পৰাকৈ নিজকে প্ৰস্তুত কৰিব পাৰিম।

    আমি যেতিয়া কিবা এটা কৰিবলৈ আৰম্ভ কৰো, তেতিয়া হয়তো আমি নজনাকৈ বহুত ভুল কৰি পেলাওঁ। যাৰ ফলত আমি সেই কৰ্মত বহুত আগবাঢ়ি যোৱাৰ পিছতো বিফল হৈ পৰো। তেতিয়াই আমাৰ দুখ লাগে, আমি ভাগি পৰো। সেইটো স্বাভাৱিক। কিন্তু বিফল হ’লো বুলিয়েই যদি আমি সেই কৰ্ম বাদ দি বেলেগ এটা নতুন কাম কৰিবলৈ যাওঁ, তেতিয়া আমি বিফলতাৰ লগত যাত্ৰ কিমানলৈকে কৰিব লাগিব তাৰ কোনো হিচাব নাথাকিব। কাৰণ প্ৰতিটো নতুন কামত কিবা নহয় কিবা এটা ভুল আমি কৰি যাম আৰু পুনৰ বিফল হৈ পৰিম। এনে কৰাতকৈ পুনৰ একেটা কামকেই কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগিব, হয়তো পুনৰ বিফল হম। কিন্তু বিফলতাৰ পিছে পিছে সফলতাও আহি থাকিব। দেখা নাপাম আমি, সেই সময়ত আমি ধৈৰ্য্য হেৰুৱাম। বিফলতাই আমাৰ জীৱন শেষ কৰা যেন অনুভৱ হ’ব। কিন্তু বিফলতাই আমাক সফল হোৱাৰ আগ-জাননীহে প্ৰদান কৰে। মাত্ৰ আমি সেই মুহূৰ্তত ধৈৰ্য্য ধৰিব লাগিব। ধৈৰ্য্যৰ দৃষ্টিৰে চালে আমাৰ কাষলৈ আহি থকা সফলতাক আমি দেখা পাম। আমি বিফলতাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব লাগিব। 

    আমি যদি নিজক বিশ্বাস কৰিব নোৱাৰো, তেন্তে বিফল হোৱা সময়ত কেতিয়াও ধৈৰ্য্য ধৰিব নোৱাৰো। কাৰণ, আত্মবিশ্বাসেহে মনোবল বৃদ্ধি কৰিব আৰু মনোবল বৃদ্ধি হ’লেহে ধৈৰ্য্য বাঢ়িব।

    আমাৰ আত্মবিশ্বাস কেতিয়া বাঢ়িব, যেতিয়া আমি নিজকে নিজে চিনি পাম। আমি নিজক নিজে যেতিয়া বিবেচনা কৰিব পাৰিম, যেতিয়া আমি নিজে নিজৰ ভুল-শুদ্ধবোৰ বিচাৰ কৰিব পাৰিম তেতিয়াই আমাৰ আত্মবিশ্বাস বাঢ়িব। বিফল হ’লেও নিজে বিচাৰি উলিয়াব পাৰিম, কি ভুলৰ বাবে আমি বিফল হ’ব লগা হ’ল। 

    যেতিয়া আমি বিফল হওঁ, তেতিয়া সেই কাম পুনৰ কৰিবলৈ সাহস দিয়াতকৈ সেই কাম এৰি আন কাম কৰিবলৈ কোৱা মানুহ বহুত লগ পাওঁ। তেনেকৈ কোৱা মানুহবোৰ বিশেষকৈ আমাৰ নিজৰ আত্মীয়স্বজনেই হয়। আচলতে বহু ক্ষেত্ৰত আমাৰ বিফলতাত তেখেতলোকেও কষ্ট পাই, যাৰ বাবে তেনেকৈ কয়। কিন্তু আমাৰ মা-দেউতা যদি আমাৰ ভাল বন্ধু হয়, তেতিয়া কোনোদিন আমাৰ কষ্ট নহয়। আমাৰ বিফলতাতো তেখেতলোকে এনেকৈ সাহস দিব যে, আমি নকৰিলেও যেন তেখেতলোকেই সকলো কৰি দিব। 

    মা-দেউতাক যদি তুমি নিজৰ ভাল বন্ধু কৰিব পাৰিছা, তেন্তে তুমি পৃথিৱীৰ সমস্ত সুখ অনুভৱ কৰিব পৰা পথেৰে যাত্ৰা কৰি আছা। মা-দেউতাতকৈ তোমাক সাহস দিয়া এই পৃথিৱীত আন কোনো বিচাৰি নোপোৱা। হাজাৰ বিপদ আহক, সমস্যা যিয়েই নহওঁক তুমি মা-দেউতাৰ আগত যদি মুক্ত মনে ক’ব পাৰিছা। তেন্তে তুমি সুখী হোৱাৰ পথেৰে যাত্ৰা কৰি আছা। 

    আমি কিবা কামত বিফল হ’লেই ভগৱানৰ কাষ চাপো, এবাৰ মা-দেউতাক বিফলতাৰ কাহিনীটো কৈ চাবাচোন। বিফলতাক অস্ত্ৰ কৰি কেনেকৈ সফলতাৰ দিশে আগবাঢ়িব লাগে তাক ইমান ধুনীয়াকৈ শিকাই তুলিব যে, যদি কেতিয়াবা পুনৰ বিফল হোৱা সেই বিফলতাক তুমি হাঁহি হাঁহি গ্ৰহণ কৰি পুনৰ সফলতাৰ দিশলৈ যাত্ৰা কৰিবা।

    Virtual পৃথিৱীখনত ভাল বা ঘনিষ্ঠ বন্ধু বিচাৰি হাবাথুৰি খাই থকাতকৈ মা-দেউতাক নিজৰ ভাল বা ঘনিষ্ঠ বন্ধু কৰি চোৱা। কোনোদিন বিপদত নপৰা আৰু কষ্ট নোপোৱা। কিছুমান কথা ক’বলৈ ভয় লাগিব, কিন্তু বন্ধু বুলি ভাবি ক’বলৈ চেষ্টা কৰিবা সমাধান নিশ্চয় পাবা। 

    মোৰ বন্ধুৰ সংখ্যা কম। দুই-চাৰি জন যি আছে, প্ৰায়ে কথা-বাৰ্তা নহয়। কিন্তু মোৰ মা-পাপা মোৰ ভাল বন্ধু। মই মোৰ জীৱনৰ প্ৰতিটো কথা মা-পাপাৰ আগত কওঁ। সেইবাবেই হয়তো হতাশ বহুত কমেই হৈছো। বিফল হ’লেও হতাশ হোৱা নাই। যেতিয়া নিজৰ মা-দেউতাই সাহস দিয়ে, সেই সাহসে কিমান দূৰলৈকে পূষা মেলে তাৰ নিশ্চয়তা নাই। 

    সফলতাক জয় কৰা মন্ত্ৰ হ’ব পাৰে মা-দেউতা। মাত্ৰ আমি বিশ্বাসেৰে আগুৱাই যাব লাগিব। 

    আজি বেছি দীঘলীয়া নকৰোঁ, এই বিষয়ে পুনৰ লিখিম যদি আপোনালোকে বিচাৰে। Social Mediaত বেছি দীঘলীয়া লেখা পঢ়াৰ ধৈৰ্য্য প্ৰায়ে কম। সেইবাবে চুটি-চুটিকৈ আগবঢ়াইছো। আপোনালোকে যদি বিচাৰে প্ৰতিটো বিষয়তে আমি পুনৰ আলোচনা কৰিম। পঢ়ি আপোনাৰ মন্তব্য জনোৱাৰ লগতে আপুনি বিচৰা বিষয়টো জনাব। যদি পাৰো নিশ্চয় লিখিম।

Comments

Popular Posts