দুবৰিৰ নিয়ৰ// খণ্ড-২// সাগৰ সংগম দিহিঙীয়া
দুবৰিৰ নিয়ৰ
খণ্ড-২
-সাগৰ সংগম দিহিঙীয়া
মনে বিচৰাবোৰ সোনকালে পোৱা নাযায়। যদি মনে বিচৰাবোৰ সোনকালে পাই, তেন্তে সেই বস্তুৰ মূল্য কমি যায়।
নিয়ৰেও তেনেকৈয়ে ভাবে।
আজিৰ দিনটো নিয়ৰৰ কলেজলৈ আহিবলৈ এখন বাইক নাই। সি সৰু থাকোতেই তাৰ দেউতাক ঢুকাল। মাকে ইটো সিটো কৰি ঘৰখন চলোৱাৰ লগতে তাক পঢ়াইছে। আজিকালি সিও কলেজৰ পৰা গৈ দোকান এখন কাম কৰে। বেলেগ নহ’লেও অন্ততঃ তাৰ পঢ়া খৰচটোকে ওলাব।
সি সৰুৰে পৰাই জীৱনৰ ঘাত-প্ৰতিঘাতবোৰ অনুভৱ কৰিছে। ক’ত কেতিয়া, কাৰ লগত কেনেদৰে থাকিলে তাৰ কি লাভ হ’ব, সি এতিয়া ভালকৈয়ে অনুভৱ কৰিব পৰা হৈছে।
বিক্ৰমক চাপৰ্ট কৰাটো তাৰ স্বাৰ্থ আছে।
কিন্তু দুবৰিয়ে এইবোৰ কথা নুবুজে। তাই নিয়ৰৰ জীৱনটো দেখা নাই, অনুভৱ কৰিব পৰা নাই। তাইৰ অভিমান ভাঙি থাকিবলৈ, তাইক বুজাই থাকিবলৈও নিয়ৰৰ সময় নাই। সি পঢ়াৰ লগতে কামো কৰিব লাগে। তাৰ এটা সপোন আছে। সি সদায় এনেদৰে থাকিব নিবিচাৰে। তাৰো লাসবিলাস কৰাৰ এটা মন আছে।
সি তাৰ সপোন পোৰ কৰিবলৈ এটা সুবিধা পাইছে। বিক্ৰম নিজে বেয়া হ’লেও আনক বেয়া হ’বলৈ নিদিয়ে। বিক্ৰমে নিয়ৰক বহুত মৰম আৰু সন্মান কৰে। নিয়ৰে বিক্ৰমক সমৰ্থন কৰিলে বিক্ৰমৰ লগতে নিয়ৰৰো বহুত লাভ হ’ব। নিয়ৰে সেই লাভ দেখিছে। কিন্তু দুবৰীয়ে নেদেখে।
দুবৰীয়ে স্বাৰ্থপৰ মানুহ ভাল নাপায়।
নিয়ৰে চাইকেলৰ হেন্দেলত ধৰি চাইকেল খন থেলি আনি ষ্টেণ্ডত থৈ ক্লাচলৈ নগৈ সি গছৰ তলত পকাৰে বনাই থোৱা বেঞ্চ এখনতে বহিলগৈ। সি বহাৰ পৰাই ষ্টেণ্ডটোলৈ চালে—‘সকলোৰে বাইক আছে। মোৰ হে!’
সি কথাষাৰ ভাবি তলমুৱা হৈ ভৰিলৈ চালে। সি তলমুৱা হৈ থাকোতেই তাৰ কান্ধত কোনোবাই আহি হাত থলে। সি চালে।
ৰক্তিম।
‘কোৱা?’— নিয়ৰে ৰক্তিমক সুধিলে।
‘মই কেনে আছো বাদ দিয়া। তুমি ইয়াত এনেকৈ মন মাৰি কি কৰি আছা?’— ৰক্তিমে কথাষাৰ কৈ কৈ তাৰ কাষত বহিলে।
‘নাই, এনেই।’— নিয়ৰে বেঞ্চখনৰ তললৈ ভৰি দুটা অলপ ভৰাই দিয়াৰ দৰে কৰি ক’লে।
‘ব’লা, বিক্ৰমে বিচাৰি আছে তোমাক। তুমি ক্লাচত যোৱা নাই।’— ৰক্তিমে তাৰ পিঠিত লাহেকৈ ধকা এটা মাৰি বহাৰ পৰা উঠি ক’লে।
‘ক’ত আছে?’— নিয়ৰ অলপ বহাৰ পৰা উঠাৰ দৰে হৈ সুধিলে।
‘কমন ৰুমত আছে। ব’লা।’— ৰক্তিমে কথাষাৰ কৈ আগুৱাব ল’লে।
নিয়ৰো বহাৰ পৰা উঠিল। ৰক্তিম আগে আগে আৰু নিয়ৰ পিছে পিছে।
নিয়ৰ ৰক্তিমৰ পিছে পিছে যোৱা দেখি দুবৰীয়ে তালৈ খঙেৰে চালে যদিও সি তাইলৈ ইমান গুৰুত্ব নিদিলে। দিবই বা কিয়? তাইৰ কিয় খং উঠিছে তাইটো এবাৰ হ’লেও ক’ব লাগিব। একো নোকোৱাকৈ এনেকৈ থাকিলে জানো কিবা সমাধান ওলাব। নিয়ৰেটো তাই কিয় এনেকুৱা কৰিছে, জানিবলৈ চেষ্টা নকৰাকৈ থকা নাই।
কমন ৰুমত বিক্ৰম আৰু কেইজনমান ল’ৰা বহি কথা পাতি আছে। ৰক্তিম সোমাই গ’ল। পিছে পিছে নিয়ৰ। আঁতৰৰ পৰা দুবৰীয়ে তালৈ খঙেৰে চাই আছে। সি গুৰুত্ব দিয়া নাই।
সি এতিয়া বাধ্য।
‘নিয়ৰ! বহা।’— বিক্ৰমে কলে। ‘পঢ়া-শুনা কেনে চলিছে?’
‘ঠিকেই।’— নিয়ৰে মিচিকিয়া হাঁহি এটা মাৰি ক’লে।
‘ভালকৈ পঢ়া। তুমি ভাল ল’ৰা।’— বিক্ৰমে পুনৰ ক’লে।
নিয়ৰ বহিল।
‘মোক মাতিছিলা?’— নিয়ৰে বিক্ৰমলৈ চাই সুধিলে।
‘উম। তোমাৰ ওপৰত এতিয়া দায়িত্ব পৰিব।’
‘মোৰ ওপৰত!’
‘কি হ’ল আচৰিত হৈছা যে?’
‘আচৰিতনো কিয় হম? কিন্তু মইনো কি দায়িত্ব পালন পৰিব পাৰিম?’
‘তেনেকৈ নক’বা বন্ধু। এতিয়া তুমি মোৰ পালন কৰিব পৰা দায়িত্ব বহুত আছে।’— কথাষাৰ কৈ বিক্ৰম বহাৰ পৰা উঠি নিয়ৰৰ ওচৰলৈ আহি তাৰ কান্ধত হাতখন থলে।
নিয়ৰে তালৈ চাই মিচিকিয়াই হাঁহিলে।
‘তুমি মোক সহায় কৰিব লাগিব।’— বিক্ৰমে ক’লে।
‘কৰিম। কিয় নকৰিম?’— নিয়ৰে তালৈ চাই ক’লে। ‘তোমাক মই যেনেকৈয়ে পাৰো তেনেকৈয়ে সহায় কৰিম।’
বিক্ৰমে মিচিকিয়াই হাঁহি এটা মাৰি পুনৰ ক’লে— ‘ভাল লাগিল। তুমি মোক সহায় কৰা, মই তোমাক সহায় কৰিম। তুমি যি বিচাৰে, যেনেকৈ বিচাৰা, সকলো পাবা।’
নিয়ৰে তালৈ মিচিকিয়া হাঁহি এটা মাৰি বিক্ৰমলৈ চালে।
**********************
দুবৰীয়ে আগৰ দৰেই সি ওলাই অহালৈ চাই আছে। তাৰ তাত যিমানেই দেৰি হৈছে, তাইৰ সিমানেই খং বাঢ়ি গৈছে।
নিয়ৰ ওলাই আহিল। দুবৰীৰ নিয়ৰক দেখাৰ লগে লগেই আৰু খং বাঢ়ি গ’ল। তাক দেখাৰ লগে লগেই তাইৰ এনেকুৱা লাগিল যেন তাই এতিয়াই গৈ তাৰ গালত দুটা চৰ লগাই দিব।
‘কিন্তু মইনো তাৰ কোন হয়? আৰু মই নক'লেও সি কি মোৰ কথাবোৰ বুজি নাপায় নেকি?’— দুবৰীয়ে মনতে ভাবিলে।
নিয়ৰে তাইৰ ফালে আগুৱাই অহা দেখি তাই নিয়ৰলৈ খঙেৰে চালে। নিয়ৰে তাইলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি আঁতৰি গ’ল।
তাইৰ এনেকুৱা লাগিল যেন এতিয়াই তাৰ গালৈ কিবা এটা দলিয়াই দিব।
‘দেখিব মন নাযায় এইটোক।’
*******************
নিয়ৰৰ ঘৰত কেৱল নিয়ৰ আৰু মাক। কলেজৰ ইলেকচনৰ দিন চমু চাপি আহিছে। বিক্ৰমৰ বিপক্ষত অন্য এটা বিভাগৰ পৰা এজনী ছোৱালী ঠিয় হৈছে। নিয়ৰ আৰু বিক্ৰমে সকলোকে বুজাই দিছে যে ছোৱালীজনীক যাতে কোনেও একো নকয়। প্ৰথমতে ছোৱালীজনীৰ ওপৰত বিক্ৰমৰ খং উঠিছিল যদিও নিয়ৰৰ কথা শুনি, বুজি তাৰ অলপ খং কমিল।
নিয়ৰ এতিয়া বিক্ৰমৰ ভাল বন্ধু। ৰক্তিমতকৈ এতিয়া নিয়ৰ বিক্ৰমৰ বেছি আপোন।
বিক্ৰমৰ বিপক্ষত থকা ছোৱালীজনীৰ নাম সন্ধ্যা। দুবৰী এতিয়া সন্ধ্যাৰ পক্ষত থাকি প্ৰচাৰ কৰিছে।
কিন্তু নিয়ৰ তাইক লৈ অলপো খং নাই।
****************************
বিক্ৰমৰ গাড়ীখন আহি নিয়ৰৰ ঘৰৰ সন্মুখত আহি ৰল। গাড়ীখন ৰাস্তাৰ কাষতে ৰাখি বিক্ৰম আৰু ৰক্তিম গাড়ীৰ পৰা নামি আহিল।
গাড়ীৰ মাত শুনি নিয়ৰৰ মাক ঘৰৰ পৰা ওলাই আহি চালে।
ল’ৰা দুজত তেওঁৰ ঘৰৰ ফালেই আহিছে।
‘কাক বিচাৰিছে?’— নিয়ৰৰ মাকে বিক্ৰম আৰু ৰক্তিমলৈ চাই ক’লে।
‘এইটো নিয়ৰৰ ঘৰ হয়নে?’— ৰক্তিমে সুধিলে।
‘হয়। কিন্তু আপোনালোক?’— মাকে অলপ আচৰিত হৈ শুধিলে।
‘আমি নিয়ৰৰ লগৰ। মই বিক্ৰম আৰু ই ৰক্তিম।’— বিক্ৰমে নিয়ৰৰ মাকলৈ চাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে।
বিক্ৰম উদণ্ড হ’লেও তাৰ ব্যৱহাৰ ভাল। সি সহজতে কাকো বেয়া ব্যৱহাৰ নকৰে। আৰু দেখাতো তাক উদণ্ড যেন নালাগে।
‘আহাচোন আহা, ভিতৰলৈ আহা।’— মাকে পৰ্দাখন অলপ দাঙি সিহঁতক ভিতৰলৈ সোমাই আহিবলৈ ক’লে। সিহঁতক বহিবলৈ দিলে। ‘তোমালোক বহাচোন।’ তেওঁ কথাষাৰ কৈ ভিতৰলৈ সোমাই গ’ল।
বিক্ৰম আৰু ৰক্তিমে বাহিৰৰ কোঠাটোতে বহি বেৰত উমলি থকা সম্বৰ্ধনা প্ৰত্ৰ আৰু প্ৰমাণ প্ৰত্ৰবোৰলৈ চালে।
‘নিয়ৰ সঁচাকৈয়ে বহুত ভাল ল’ৰা ন?’— বিক্ৰমে ৰক্তিমলৈ চাই ক’লে।
‘উম।’— ৰক্তিমে সলাগিলে।
মাকে হাতত এখন ট্ৰেত পানী ভৰ্তি গিলাচ দুটা লৈ ভিতৰৰ পৰা ওলাই আহি সিহঁতৰ সন্মুখলৈ দি ক’লে—‘পানী খোৱা।’
আমাৰ ঘৰবোৰত এটা নিয়ম আছে। কোনোবা আলহিয়েই হওক বা, ঘৰৰ কোনোবাই বহু কৰবাৰ পৰা আহিলে এগিলাচ ঠাণ্ডা পানী তেওঁকলৈ আগবঢ়াই দিয়া।
সিহঁতে হাত আগবঢ়াই পানী গিলাচ ল’লে।
‘তালৈ ফোন কৰাচোন। সি অলপ ওলাই গৈছে। ওচৰতেই আছে।’—নিয়ৰৰ মাকে পুনৰ ক’লে।
মাকে কথাষাৰ কোৱাৰ পিছতেই নিয়ৰে এখন হাতে পানীৰ গিলাচ লৈ আনখন হাতেৰে জেপত হাত ভৰাই মোবাইলটো উলিয়াই নিয়ৰৰ নম্বৰটো উলিয়াই ফোন কৰিলে—‘ঐ, ক’ত আছা? ঘৰত আহা। আমি ৰৈ আছো ঘৰত।’
‘কাৰ ঘৰত?’— ফোনটোৰ ইমূৰৰ পৰা নিয়ৰে সুধিলে।
‘তোমালোকৰ ঘৰত। সোনকালে আহা।’— বিক্ৰমে কথাষাৰ কৈ ফোন ৰাখি। পানী গিলাচ শেষ কৰিলে।
‘কিবা কামত আহিছিলা?’— নিয়ৰৰ মাকে দুয়োলৈকে চাই সুধিলে।
‘হয় খুড়ী। মই কলেজত জি এছ উঠিছোঁ। তাকে নিয়ৰৰ পৰা সহায় লৈ আছোঁ। তাক কলেজত সকলোৱে ভালো পায়।’— বিক্ৰমে হাঁহি এটা মাৰি ক’লে।
‘অ... তুমিয়েই মানে সেই বিক্ৰম। তোমাৰ কথা বাবাই কৈয়ে থাকে।’— নিয়ৰৰ মাকে হাঁহি এটা মাৰি ক’লে। ‘তোমালোক অলপ বহাচোন।’ মাকে কথাষাৰ কৈ গিলাচ দুটা আৰু ট্ৰে খন লৈ পুনৰ ভিতৰলৈ সোমাঅ গ’ল।
অকলে অকলে দুয়ো কিনো কথা পাতিব। দিনটোৰ বেছিভাগ সময় দুয়োটা লগতেই থাকে। তাৰ পিছতনো কি কথা পাতিব। দুয়োটাই নিজৰ নিজৰ ফোন হাতক লৈ ব্যস্ত হৈ পৰিল।
বিক্ৰমৰ ফোনটো আহিল। সি ফোনটো ৰিচিৰ্ভ কৰি, ইফালৰ কথাবোৰ শুনি অলপ পিছত উত্তৰ দিলে—‘তুমি এটা কাম কৰা, বস্তুবোৰ যোগাৰ কৰি ৰাখি দিয়া। আমি নিয়ৰক লৈ গৈ আছো। অ, আমি এতিয়া তাৰ ঘৰতেই। ঠিক আছে। হ’ব। উম।’
কথাষাৰ কৈ বিক্ৰমে ফোন ৰাখি ৰক্তিমলৈ চাই ক’লে —‘সোনকালে ওলাব লাগিব। বহুত ল’ৰা ছোৱালীৰ ঘৰত যাব লাগিব।’
‘তাকে। ইয়াৰ বা এতিয়া কিমান দৰে হয়!’— ৰক্তিমে ক’লে।
বিক্ৰম বহাৰ পৰা উঠি বাহিৰলৈ ওলাই আহিল। বিক্ৰম অহা দেখি ৰক্তিমো বাহিৰলৈ আহিল। বিক্ৰমে বাহিৰলৈ আহি ৰাস্তালৈ চাই আছে।
নিয়ৰৰ বাবে অপেক্ষা।
‘ভিতৰলৈ আহা চাহ দিছো।’— পিছফালৰ পৰা নিয়ৰৰ মাকে মাত দিলে।
‘চাহ নকৰা হ’লেও হয়।’— ৰক্তিমে ক’লে।
‘একো নহয় আহা।’— মাকে সিহঁতক ভিতৰলৈ মাতি তেওঁ নিজেইও ভিতৰলৈ সোমালে।
‘ঐ, ব’ল।’— ৰক্তিমে বিক্ৰম গাটো লৰাই ভিতৰলৈ সোমাই আহিল।
সিহঁত ভিতৰলৈ সোমাব লওঁতেই নিয়ৰ চাইকেল লৈ অহা দেখি বিক্ৰমে অলপ ডাঙৰকৈয়ে ক’লে—‘আহিছে।’
ৰক্তিমে পিছলৈ ঘুৰি চালে। তিনিওৰে মুখত হাঁহি।
‘বহুত সময় হ’ল নেকি?’— চোঁতালত চাইকেলখন থৈ নিয়ৰে বিক্ৰমলৈ চাই সুধিলে।
‘নাই।’— বিক্ৰমে উত্তৰ দিলে।
‘ব’লা ভিতৰলৈ। ৰক্তিম, ব’লা।’— নিয়ৰে বিক্ৰমৰ গাত ধৰি দুয়োকে কথাষাৰ কৈ ভিতৰলৈ আনিলে।
‘চাহ খোৱাই নাই যে। খোৱা।’— নিয়ৰে পুনৰ ক’লে।
‘হ’ব বাৰু। তুমি সোনকালে উলোৱা।’— ৰক্তিমে ক’লে।
নিয়ৰে মিচিকিয়া হাঁহি এটা মাৰি মাকক চিঞঁৰি ভিতৰলৈ সোমাই গ’ল —‘মা...অ, মা...’
Comments
Post a Comment