দুবৰিৰ নিয়ৰ// খণ্ড-৫
"তাৰ দুচকুৰে পানী বিয়পি আহিল। তাইৰ এনে আচৰণে তাক সদায় কন্দোৱাই। কেতিয়াবাটো দুবৰীয়ে তাক তাইৰ পৰা আঁতৰি যাবলৈ কয়। কিন্তু সি নোৱাৰে।"
দুবৰিৰ নিয়ৰ
খণ্ড-৫
-সাগৰ সংগম দিহিঙীয়া
বিক্ৰমৰ দেউতক এজন শিৱ ভক্ত। তেওঁ প্ৰতিটো সপ্তাহৰ সোমবাৰে শিৱ মন্দিৰলৈ যায়। আন দিনাৰ দৰে আজিও তেখেত শিৱ মন্দিৰলৈ গৈছে। তেখেতৰ ফোন গাড়ীতে ৰাখি গৈছে।
তেওঁ মন্দিৰত পূজাত ব্যস্ত।
গাড়ীত থকা ফোনটো বাৰে বাৰে বাজিছে।
তেওঁ মন্দিৰত পূজা শেষ কৰি আহি গাড়ীত বহিয়েই ফোনটো হাতত লৈ চায়েই বিমানৰ কেইবাটাও মিচড্ কল্ দেখিছে। তেওঁ তালৈ ঘূৰাই ফোন কৰিলে।
বিমান বিক্ৰমৰ দেউতাৰ বিশ্বাসী কৰ্মী। তেওঁৰ ব্যৱসায়ৰ আধা বিমানেই চোৱা চিতা কৰে।
‘ইমানকে ফোন মাৰি আছ যে, কি হ’ল?’— বিক্ৰমৰ দেউতাকে ক’লে।
‘কালি কথালগুৰি গাঁৱৰ সেই ল’ৰাটোৰ লগত কাজিয়া হ’ল।’— ফোনটোৰ ইমূৰৰ পৰা বিমানে ক’লে।
‘কিয়?’
‘বজাৰৰ কাৰণেই।’
‘কাজিয়াহে হৈছে। একো নাই ঠিক হৈ যাব।’
‘কাজিয়া মানে অলপ ডাঙৰেই হৈ গ’ল। ৰাতুলে তাৰ লগত অলপ মাৰপিটো কৰিলে। ল’ৰাটোৰ এতিয়া অৱস্থা বেয়া বুলি কৈছে।’—বিমানে অলপ চিন্তা আৰু ভয়েৰে ক’লে।
‘তহঁতৰ মাথাত একো নাই নেকি? ঘৰলৈ আহ।’— বিক্ৰমৰ দেউতাকে তাক গালি দি কথাষাৰ কৈ ফোন ৰাখিলে।
ব্যৱসায়ত সৰু-ডাঙৰ কাজিয়াবোৰ হৈয়ে থাকে। এইবোৰ কথাত ইমান গুৰুত্ব দিব নালাগে। কিন্তু এইবাৰৰ কাজিয়াখনে অলপ বেলেগ মূৰ ল’লে। যিটো বিমানে চম্ভালিব পৰা নাই। সৰু সৰু কথাত বিমানে তেখেতক আমনি নকৰে। এইবাৰ নিশ্চয় কিবা এটা ডাঙৰ হৈছে।
বিক্ৰমৰ দেউতাকে গাড়ীৰ পৰা শিৱ মন্দিৰটোলৈ চাই মহাদেৱৰ নাম লৈ গাড়ীখন ষ্টাৰ্ট কৰিলে।
‘হে প্ৰভু, যি কৰিবা ভালেই কৰিবা। সকলোবোৰ যেন ভালৰ বাবেই হয়।’— তেখেতে কথাষাৰ মনৰ মাজতেই কৈ গাড়ীখন ঘূৰালে।
**********************
নিয়ৰ শুৱা বিচনাৰ পৰা উঠাই নাই। বিচনাতে শুই শুই সি দুবৰীৰ লগত কথা পাতি আছে। সিহঁতৰ মাজত এতিয়া এটা বে-নামী সম্পৰ্কৰ সৃষ্টি হৈছে। দুয়োৱে দুয়োৰে খেয়াল ৰাখে। ভাল-বেয়া সকলো আলোচনা কৰে। ইটোৱে-সিটোক এৰি থাকিব নোৱাৰে। সম্পৰ্কটোক বন্ধুত্ব বুলিও ক’ব নোৱাৰে আৰু প্ৰেমৰ বুলিও ক’ব নিবিচাৰে।
তেন্তে কি!
নিয়ৰে বিচাৰে। তাইক নিয়ৰে তাৰ সকলো বুলিয়েই ভাবে। নিয়ৰে তাইৰ মাজত তাৰ মাকৰ গুণবোৰ বিচাৰি পায়। সি তাইক ভাল পায়।
কিন্তু তাই!
দুবৰীয়ে তাৰ লগত ভালকৈয়ে কথা পাতে। তাৰ ভাল-বেয়াবোৰ বিচাৰি উলিয়াই। তাৰ বেয়াবোৰ ভালকৰিবলৈ চেষ্টা কৰায়। কিন্তু নিয়ৰে যেতিয়াই তাইক এই বে-নামী সম্পৰ্কটোৰ নাম দিয়াৰ কথা কয়, তাই তেতিয়াই মৌন হৈ পৰে।
নিয়ৰৰ বাবে তাই সকলো। কিন্তু তাইৰ বাবে নিয়ৰ কোন!
হয়তো তাই কোনোবা বেটাৰ পাৰ্চনৰ অপেক্ষাত আছে!
নিয়ৰে একো বুজিব নোৱাৰে। তাই প্ৰকৃততে কি বিচাৰে। মাজতে সিহঁতৰ মাজত হোৱা এখন কাজিয়াৰ বাবে তাই অলপ সলনি হ’ল। কিন্তু নিয়ৰৰ প্ৰেম তাইৰ বাবে দুগুণে বাঢ়ি গ’ল। দুবৰীয়ে নিয়ৰক বুজি পায়। কিন্তু তাই বুজিও অবুজ হৈ পৰে।
সি তাইক হেৰুৱাব নিবিচাৰে। সেইবাবেই তাইৰ সকলো সি সহ্য কৰে। তাই খঙবোৰতো সি মৰম বিচাৰি উলিয়াই। কেতিয়াবা তাইৰ খং উঠাবলৈকে সি অদৰকাৰী কিছুমান কথা কয়।
‘কিন্তু তাই সম্পৰ্কটো কিয় নিবিচাৰে?’— নিয়ৰৰ মনত সদায় প্ৰশ্ন হয়।
দুবৰীৰ মনত তাৰ বাবে যে প্ৰেম আছে, সি ভালকৈয়ে বুজে। তাতকৈ যে তাইৰ মনত হে তাৰ বাবে প্ৰেম বেছি আছে সি সেইটোও বুজে। নহ’লেনো তাই তাৰ ইমান খেয়াল ৰাখে নে? এই সময়ত কাৰ হাতত ইমান সময় থাকে যে, আনৰ বাবে নষ্ট কৰি থাকিব!
নিয়ৰো যথেষ্ট ব্যস্ত। কিবা নহয় কিবা কামত সি ব্যস্ত থাকেই। কিন্তু দুবৰীৰ বাবে সদায় সময় থাকে। তাৰ অৱসাদবোৰ দুবৰীৰ মাততেই শেষ হয়। তাইৰ মাতটো শুনিলেই তাৰ মুখত হাঁহি বিয়পি পৰে। কেতিয়াবা বহু সময় মেচেজত কথা পাতি শেষত যেতিয়া নিয়ৰৰ কথাত তাই খং কৰে, নিয়ৰৰ মুখ ওফোন্দি উঠে। কিন্তু যেতিয়াই তাইৰ মাতটো শুনে, সকলোবোৰ নিমিষতেই নোহোৱা হৈ পৰে।
‘ভালপাওঁ তোমাক।’— নিয়ৰে ক’লে।
‘উম।’— ফোনটোৰ ইমূৰৰ পৰা দুবৰীয়ে উত্তৰ দিলে।
‘কি উম?’— নিয়ৰে ক’লে।
‘উঠা। দেৰি হ’ল। মোৰ কাম আছে। কাম কৰো।’— দুবৰীয়ে কথাষাৰ কৈ ফোন ৰাখিলে।
তাই সদায় এনেকোৱাই ক’ৰে। যেতিয়াই সি তাইক ভালপোৱাৰ কথা কয়, তেতিয়াই তাই ফোন ৰাখি দিয়ে আৰু মেচেজ কৰিলে মেচেজ কৰা বন্ধ কৰি দিয়ে।
হাঁহি থকা নিয়ৰৰ মুখখন নিমিষতে শেঁতা পৰি গ’ল। সি তাইলৈ পুনৰ ফোন কৰিলে। তাই ফোনটো কাটি দিলে।
সি তাইলৈ মেচেজ কৰিলে। কিন্তু তাৰ মেচেজক তাই গুৰুত্ব নিদিলে।
তাৰ দুচকুৰে পানী বিয়পি আহিল। তাইৰ এনে আচৰণে তাক সদায় কন্দোৱাই। কেতিয়াবাটো দুবৰীয়ে তাক তাইৰ পৰা আঁতৰি যাবলৈ কয়। কিন্তু সি নোৱাৰে।
তাইও নোৱাৰে। সি বুজি পায় সেই কথা।
কিন্তু তাই কিয় এনে আচৰণ কৰে, সেই কথাহে সি ধৰিব নোৱাৰে।
বুকুখনত এটা অচিন শুকে খুন্দা মাৰি ধৰে, যেতিয়া আপুনজনে অৱহেলা কৰে। নিয়ৰৰ মনত দুবৰীৰ বাবে সদায় এটা বিশেষ স্থান আছে। সি তাইক কেৱল প্ৰেমিকা হিচাপে নহয়, তাৰ পত্নী ৰূপে তাৰ কাষত চাব বিচাৰে।
“ৰাধা নহয়, ৰুক্মিণী হোৱা তুমি।”
******************
উঠো-নোঠোকৈ নিয়ৰ শুৱা বিচনাৰ পৰা উঠিল। হাতত থকা মোবাইলটো সি চাৰ্জত লগালে। নিয়ৰে ফোনটো চাৰ্জত লগাই পুনৰ দুবৰীলৈ এবাৰ ফোন লগালে।
তাই পুনৰ ফোনটো কাটি দিলে।
নিয়ৰে ৱাটচ্এপ্টো খুলি তাইলৈ মেচেজ কৰিলে—‘ঐ! কি হৈছে?’
তাই মেচেজটো চালে। কিন্তু একো ৰিপ্লাই নকৰিলে।
নিয়ৰৰ মনটো আৰু সেমেকি পৰিল।
সি পুনৰ মেচেজ কৰিলে—‘ঐ... তুমি সদায় মোৰ কাষতেই থাকা। তোমাক হেৰুৱাব নিবিচাৰোঁ। তোমাৰ মাজত মই মোৰ মাক বিচাৰি পাওঁ।’
সি মেচেজটো কৰি অলপ সময় ৰল। তাই অনলাইনেই আছে।
তাই মেচেজটো চাই ৰিপ্লাই কৰালৈ সি অপেক্ষা কৰিলে।
নিজৰ প্ৰেমিকাৰ মাজত মাকক বিচাৰি পোৱাটো এটা ডাঙৰ কথা। সকলো প্ৰেমিকেই বিচাৰে নিজৰ প্ৰেমিকাৰ মাজত তেওঁৰ মাকক বিচাৰি পোৱাটো।
নিয়ৰে দুবৰীৰ মাজত নিজৰ মাকক বিচাৰি পায়। নিয়ৰ মাকৰ দৰেই তাইৰ কথাবোৰ। তাই অভিমান কৰিলেও তাৰ ভাল লাগে। কিন্তু দুবৰীয়ে অভিমান কৰিব নাজানে। সেইবাবেই তাই খং কৰিলেও সি মনে মনেই সহ্য কৰি যায়।
এতিয়া নিয়ৰৰ জীৱনৰ এটা অংশ দুবৰী। তাৰ জীৱনৰ সকলোবোৰ সিদ্ধান্ত দুবৰীৰ লগতে সাঙুৰ খাই পৰে।
“অভামানী নহ’বা প্ৰিয়া। মোৰ কোমল হৃদয়ক উমাল কৰি ৰাখা। মৰমবোৰ সদায় বিয়পি থাকিবলৈ দিয়া, তোমাৰ পৰা মোলৈ আৰু মোৰ পৰা তোমালৈ।”
দুবৰীয়ে মেচেজটো চালে। মেচেজটো চাই ৰিপ্লাই কৰিলে—‘Thank You'
দুবৰীৰ মনত যেন এতিয়া নিয়ৰৰ বাবে একো অনুভৱ নাই। তাইৰ মেচেজৰ অপেক্ষাত ৰৈ থকা নিয়ৰে তাইৰ মেচেজটো অহাৰ লগে লগেই চালে।
তাই আৰু এটা মেচেজ কৰিব। টাইপিং হৈ আছে। নিয়ৰে অপেক্ষা কৰি আছে।
‘মোলৈ এনেকৈ ফোন কৰি নাথাকিবা। এইবোৰ ভাল নাপাওঁ। তুমি ভাল ল’ৰা কিন্তু মই এতিয়াই এইবোৰ ভাবিব নোৱাৰোঁ।’— দুবৰীয়ে পুনৰ মেচেজ কৰিলে।
নিয়ৰ ৰৈ পৰিল। ইয়াৰ পিছত নিয়ৰে কি উত্তৰ দিব একো ভাবি নাপালে। উত্তৰ বিহীন হৈ পৰিল।
‘তুমি বুজিবল চেষ্টা নকৰা কিয় এবাৰো?’— নিয়ৰে মেচেজটো দি মোবাইলৰ ডাটা অফ কৰি সেমেকা মনেৰেই বাহিৰলৈ ওলাই গ’ল।
দুবৰী চাগে সুখী, নিয়ৰক দুখ দি।
“হওঁক তেওঁ সুখী। ভালে থাকক তেওঁ। আকৌ এবাৰ কান্দক নিয়ৰে।”
*******************
ৰাতি প্ৰায় ১০ মান বাজিছে। দিনটোত নিয়ৰে তাইলৈ কেইবাবাৰো ফোন কৰিছে। মেচেজ কৰিছে। ফোন কৰিলে তাই ৰিচিৰ্ভ নকৰে। মেচেজ কৰিলেও বিশেষ ৰিপ্লাই নাহে।
বিক্ৰম, নিয়ৰ আৰু ৰক্তিম গাড়ীতে বহি আছে। বিক্ৰম আৰু ৰক্তিমে গাড়ীৰ ভিতৰতেই চিগাৰেট হোঁপি আছে। নিয়ৰে মন মাৰি মোবাইলটো হাতত লৈ এবাৰ ৱাটচ্এপ্, এবাৰ কল লিষ্ট, এবাৰ গেলেৰিটো এনেকৈয়ে বাৰে বাৰে চাই আছে। সি দি থোৱা মেচেজো তাইৰ চাবলৈ সময় নাই। ফোন কৰিলেও ৰিচিৰ্ভ নকৰে।
নিয়ৰে গাড়ীৰ সন্মুখত থকা চিগাৰেটৰ পেকেটটোৰ পৰা চিগাৰেট এটা আৰু লাইটাৰটো লৈ গাড়ীৰ পৰা নামি গৈ ৰাস্তাৰ কাষতে শুই আকাশলৈ চাই চিগাৰেটটো হোঁপি কান্দি পৰিল।
বিক্ৰম আৰু ৰক্তিমে নিয়ৰৰ এনে ৰূপ কোনোদিন দেখা নাছিল। নিয়ৰৰ এনে ৰূপ দেখি বিক্ৰম আৰু ৰক্তিম গাড়ীৰ পৰা নামি গ’ল।
‘নিয়ৰ! উঠা। কি কৰিছা এইবোৰ!’— বিক্ৰমে নিয়ৰৰ হাত এখনত ধৰি ক’লে।
‘মোক অলপ সময় এনেকৈয়ে থাকিব দিয়া।’— নিয়ৰে ক’লে।
‘নিয়ৰ! উঠা চোন। কি হৈছে কোৱা? আমি আছো নহয় তোমাৰ লগত।’— ৰক্তিমে তাৰ বুকুত হাতখন থৈ ক’লে।
বুন্ধুবোৰ এইবোৰ সময়তেই প্ৰয়োজন।
‘চিগাৰেট এটা দিয়া।’— নিয়ৰে আগৰ চিগাৰেটটো দলিয়াই ক’লে।
‘এটা নহয়। তোমাৰ যিমান মন সিমানেই খাবা। কিন্তু এতিয়া উঠা।’— বিক্ৰমে ক’লে।
‘আৰে... মোক অলপ সময় অকলে এৰি দিয়া না। প্লিজ...’— নিয়ৰে অলপ খঙেৰে ক’লে।
‘ঠিক আছে তুমি আমাক তোমাৰ বন্ধু বুলি নাভাবা ন? ঠিক আছে।’— বিক্ৰমে কথাষাৰ কৈ নিয়ৰৰ হাতখন এৰিলে। ‘ব’ল ৰক্তিম, ইয়াক অকলেই এৰি দে।’
দুয়োটাই গাড়ীৰ কাষলে যাবলৈ ল’লে।
‘আবে... তোমালোকেও মোক বুজি নোপোৱা! কিয় মোক কোনেও বুজি নাপায়?’— নিয়ৰে কথাষাৰ কৈ চিঞৰি উঠিল।
নিয়ৰৰ মনত দুবৰীৰ বাবে মনত এটা অচিন আৱেগ আছে। তাইক সি কোনোদিনেই হেৰুৱাব নিবিচাৰে। তাইৰ লগত সি জীৱনৰ সকলো মুহূৰ্ত পাৰ কৰিব বিচাৰে। ইমান দিনে সিহঁতেতো তেনেকৈয়ে কথা পাতি আছিল। কিন্তু কথাবোৰ কিয় হঠাৎ সলনি হৈ গ’ল!
‘তুমি চাগে মোক কষ্ট দি বহুত সুখী। মোৰ পৰা আঁতৰি তুমি চাগে বহুত সুখত থাকিবা? থাকা। মই দুখ থাকিলেও তোমাৰ জীৱনত একো সলনি নহয়।’— নিয়ৰে আকাশলৈ চাই কথাষাৰ ক’লে।
আগলৈ...
Comments
Post a Comment